ড° ভবেন্দ্ৰনাথ শইকীয়া
ড° ভবেন্দ্ৰনাথ শইনকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। তেখেতৰ ঘৰুৱা নাম আছিল পুতুল । তেওঁৰ ককোয়কৰ নাম আছিল ডাঃ নগেন্দ্ৰ নাথ শইকীয়া । ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান--- ড॰ সংগীতা আৰু ৰশ্মি । ১৯৪৮ চনত ষ্টাৰসহ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীর্ণ, ১৯৫০ চনত কটন কলেজৰ পৰা ইণ্টাৰমেডিয়েট (বিজ্ঞান) আৰু ১৯৫২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰে। ১৯৫৫- ৫৬ চনত কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল । ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানত পি. এইচ. ডি. আৰু লণ্ডন ইম্পিৰিয়েল কলেজ অব্ ছায়েন্স এণ্ড টেকন’লজিৰ পৰাও ডিপ্লমা লাভ কৰে।
সাহিত্য আৰু সংস্কৃতিক অৱদান – ড° শইৰকীয়াই পষেকীয় আলোচনী ‘প্ৰান্তিক’ আৰু শিশু আলোচনী । অসমৰ সাহিত্যৰ ভঁৰাললৈ ‘প্ৰহৰী’, ‘বৃন্দাবন’, ‘গহ্বৰ’, ‘সেন্দুৰ’, শৃংখল’, ‘ভৱেন্দ্ৰনাথ শইসকীয়াৰ শ্ৰেষ্ঠ গল্প’, ‘তৰংগ’, ‘উপকণ্ঠ’ নামৰ গল্প সংগ্ৰহৰ পুথিসমূহ অনবদ্য উপহাৰ। ড° শই কীয়াই ‘অন্তৰীপ’ আৰু ‘ৰম্যভূমি’ নামৰ দুখন উপন্যাস ৰচনা কৰিছিল। তদুপৰি ‘আতংকৰ শেষত’ নামৰ ডিটেক্টিভ উপন্যাস আৰু ‘মৰমৰ দেউতা’ নামৰ শিশু উপন্যাসো ৰচনা কৰে। তাৰ ভিতৰত ‘কোলাহল’, ‘দুর্ভিক্ষ’, ইতিহাস’, ‘স্বর্ণজয়ন্তী’ আৰু ‘দীনবন্ধু’ উল্লেখযোগ্য। তেওঁ ‘জানকীৰ বিয়া’, ‘আগন্তুক’, ‘দেউতা’, ‘শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট’ নামৰ ধাৰাবাহিক নাটকো ৰচনা কৰি থৈ যায়। ‘কালসন্ধ্যা’ তেওঁৰ পৰিচালনাৰ একমাত্ৰ হিন্দী ছবি। উল্লেখযোগ্য যে ‘অগ্নিস্নান’ চলচ্চিত্রই শ্রেষ্ঠ চিত্ৰনাট্যৰ বঁটা আৰু ‘সন্ধ্যাৰাগ’, ‘অনিৰ্বাণ’, ‘কোলাহল’, ‘আৱৰ্তন,’ ইতিহাস’ আৰু ‘সাৰথি’ চলচিত্ৰৰ বাবে তেওঁ ৰজত কমল বঁটা লাভ কৰে।
এইজনা মনিষীয়ে ২০০৩ চনৰ ১৩ আগষ্টৰ দিনা ৭১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ।
বঁটা আৰু সন্মান -
1. অসম প্ৰকাশন পৰিষদ বঁটা
2. সাহিত্য অকাডেমি বঁটা
3. অসম উপত্যকা সাহিত্য বঁটা
4. শ্ৰীমন্ত শংকৰদেৱ বঁটা
5. পদ্মশ্ৰী বঁটা
6. কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা ২০০০
7. ডি লিট উপাধি প্ৰদান কৰে
আত্মজীৱনী -
1. জীৱন বৃত্ত
2. জীৱন ৰেখা
3. মোৰ শৈশৱ, মোৰ কৈশোৰ
উপন্যাস -
1. অন্তৰীপ (১৯৮৬)
2. ৰম্যভূমি (১৯৯১)
3. আতংকৰ শেষত ( ১৯৫২, ভবেন্দ্ৰ নাথ শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)
শিশুসাহিত্য -
1. মৰমৰ দেউতা (১৯৯১)
2. তোমালোক ভালে থাকা (১৯৯৮)
3. শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
4. মহাদুষ্টৰ দুষ্টবুদ্ধি
5. মৰম
চিন্তামূলক গ্ৰন্থ -
1. প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)
চুটি গল্প -
1. প্ৰহৰী (১৯৬৩),
2. সেন্দূৰ (১৯৭১),
3. গহ্বৰ (১৯৬৯),
4. শৃংখল (১৯৭৫),
5. উপকণ্ঠ (১৯৯১),
6. এই বন্দৰৰ আবেলি (১৯৮৮),
7. বৃন্দাবন (১৯৬৫),
8. তৰংগ (১৯৭৯),
9. সান্ধ্য ভ্ৰমণ (১৯৯৮),
10. গল্প আৰু শিল্প,
11. আকাশ
অনাতাঁৰ নাটক -
1. জোনাকী
2. জোনাকীৰ বিয়া
3. জোনাকী বোৱাৰী হ’ল
4. দেউতা
5. আগন্তুক
6. অন্ধকূপ
7. জংঘল
8. বাওনা
9. দুৰ্ভিক্ষ
10. আবেলি
11. ডাইনী
একাংকিকা নাটক -
1. এজাক জোনাকীৰ জিলমিল
2. পুতলা নাচ
3. অলংকাৰ
4. তীৰ্থ
5. অৱৰোধ
6. বাওনা
7. তৃতীয় বন্ধু
বঁটা আৰু সন্মান -
1. অসম প্ৰকাশন পৰিষদ বঁটা
2. সাহিত্য অকাডেমি বঁটা
3. অসম উপত্যকা সাহিত্য বঁটা
4. শ্ৰীমন্ত শংকৰদেৱ বঁটা
5. পদ্মশ্ৰী বঁটা
6. কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (2000)
7. ডি লিট উপাধি প্ৰদান কৰে (2001)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved