হেম বৰুৱা
হেম বৰুৱাৰ ২২ এপ্ৰিল ১৯১৫ চনত তেজপুৰত জন্ম হয় । তেওঁৰ দেউতাক আছিল উত্তৰ গুৱাহাটীৰ ভঁৰালী বৰুৱা বংশৰ বিনন্দী ৰাম শৰ্মা বৰুৱা আৰু মাতৃ পদ্মালোচনী দেৱী। হেম বৰুৱা আছিল তেওঁলোকৰ প্ৰথম সন্তান । বিয়াল্লিছৰ গণ আন্দোলনত তেওঁ কাৰাবাস খাটিছিল । সাহিত্য আৰু সংস্কৃতিক অৱদান – তেওঁ ‘পছোৱা’ আৰু ‘আসাম এক্সপ্ৰেছ’ নামৰ দৈনিক ইংৰাজী কাকতৰ সম্পাদক আছিল। হেম বৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম আছিল Idealism and Romance in Modern Drama। ৰচনাখন প্ৰকাশিত হৈছিল আৱাহনৰ দশম বছৰৰ সপ্তম সংখ্যাত । ‘আৱাহন’, ‘জয়ন্তী’, ‘ৰামধেনু’ আদি কাকত-আলোচনীৰ জৰিয়তে তেওঁৰ সাহিত্য-চৰ্চাই বিকাশ লাভ কৰে। ভ্ৰমণ কাহিনী আৰু আন গদ্য-সম্ভাৰেৰেও তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। বালিছন্দা (১৯৫৯) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা-সংকলন । তেওঁৰ ‘কন্নকী’, ‘কিউপিড আৰু ছাইকী’ উল্লেখযোগ্য অনূদিত গ্রন্থ। হেম বৰুৱাৰ কাব্য পুথিকেইখন হ’ল — ‘বালিছন্দা’, ‘মন-ময়ূৰী’ আৰু ‘হেম বৰুৱাৰ কবিতা’। ১৯৫৭ চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হয় আৰু চৈধ্য বছৰ কাল কাৰ্যনিৰ্বাহ কৰে । অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৭৭ চনৰ ৯ এপ্ৰিলত তেওঁ শেষনিশ্বাস ত্যাগ কৰে।
মমতাৰ চিঠি - 'মমতাৰ চিঠি' শীৰ্ষক কবিতাটো হেম বৰুৱাৰ এটি বিখ্যাত সৃষ্টি। কবিতাটোত এগৰাকী বিধৱা নাৰীৰ কাৰুণ্য প্ৰকাশিত হৈছে।[10] একাংশ কাব্যৰসিক তথা সমালোচকে এই কবিতাটোক অসমীয়া ভাষাৰ "শ্ৰেষ্ঠ ক্লাছিক কবিতা" বুলি স্বীকৃতি দিছে।
ভ্ৰমণ সাহিত্য - সাগৰ দেখিছা (১৯৫৪), সানমিহলি (১৯৫৭), ৰঙা কৰবীৰ ফুল (১৯৫৯), ইজৰাইল (১৯৬৫), মেকং নৈ দেখিলো (১৯৬৭)
অসমীয়া ভাষাত -
1. ৫জন নেতা (১৯৪৭)
2. '৪২ৰ গণবিপ্লৱত অসম (১৯৪৭)
3. আধুনিক সাহিত্য (১৯৫০)
4. সাগৰ দেখিছা (১৯৫৪)
5. সানমিহলি (১৯৫৭)
6. ৰঙা কৰবীৰ ফুল (১৯৫৯)
7. বালিছন্দা (১৯৫৯)
8. কিউপিড আৰু ছাইকী (১৯৫৯)
9. কন্নকী (১৯৬০)
10. এই গাওঁ এই গীত (১৯৬১)
11. সাহিত্য আৰু সাহিত্য (১৯৬২)
12. আঁচুফুল (১৯৬৪)
13. মন-ময়ূৰী (১৯৬৫)
14. ইজৰাইল (১৯৬৫)
15. মেকং নৈ দেখিলো (১৯৬৭)
16. ডাকপখিলী (১৯৬৮)
17. বহাগতে পাতি যাওঁ বিয়া (১৯৬৯)
18. পছোৱাৰ ৰেঙনি (১৯৬৯)
19. স্মৃতি আৰু পাপৰি (১৯৭০)
20. সত্য আৰু অহিংসাঃগান্ধীজী (১৯৭১)
21. ছিন্নমূল (১৯৭৩)
22. তলসৰা (১৯৭৬)
23. সাহিত্য আৰু সমস্যা (১৯৭৮)
ইংৰাজী ভাষাত -
1. The August Revolution in Assam (১৯৪৬)
2. The Red River and the Blue Hill ( (১৯৫৪)
3. Fairs and Festivals of Assam (১৯৫৬)
4. Modern Assamese Poetry (১৯৬০)
5. Idle Hours (১৯৬১)
6. Assamese Literature (১৯৬২)
7. Folk Songs of India (১৯৬৫)
8. Lakshminath Bezbaruah (১৯৬৭)
অনুবাদ-কৰ্ম -
1. ভাৰত: বৰ্তমান আৰু ভৱিষ্যত (জৱাহৰলাল নেহৰু)
2. অসমৰ জনজাতি (সত্যেন বৰকটকী)
3. চৰ্দাৰ বল্লভভাই পেটেল (বিষ্ণু প্ৰভাকৰ)
4. The Age of Imperial Unity (Ed. K.M. Munshi)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved