লক্ষ্মীনাথ বেজবৰুৱা জীৱনী
লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৪ চনত | তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃ - ঠানেশ্বৰী দেৱী | কলিকতাযত থাকোতে তেওঁ সাহিত্যৰ লগত বিশেষভাৱে জড়িত হৈ পৰে আৰু “জোনাকী”, “বাঁহী” আদি কাকত উলিয়ায়। ১৯২৪ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ তেওঁ সভাপতি হয়। চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক লগ পাই অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও মিলি কলিকতাত পঢ়ি থকা অন্যান্য ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে | 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত 'বাঁহী' অলোচনীৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে | ১৯০৯ চনত প্ৰকাশিত হোৱা ‘সুৰভি’ত মুঠ বাৰটি চুটিগল্প অন্তৰ্ভুক্ত হৈছে৷ ‘সুৰভি’ হৈছে প্ৰথম অসমীয়া চুটিগল্পৰ সংকলন।
১৯০৯ চনত তেওঁ 'বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' লক্ষ্মীনাথ বেজবৰুৱাৰদ্বাৰাই ৰচিত ৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল | ১৮৯৫ চনত তেওঁলোকৰ প্ৰথমটি সন্তান 'সুৰভি'ৰ জন্ম হয়৷ পিছে দুখজনকভাৱে জন্মৰ মাত্ৰ পাঁচ বছৰৰ পাছতেই ডিফথেৰিয়া ৰোগত আক্ৰান্ত হৈ সুৰভিয়ে ১৯০০ চনত মৃত্যুক সাবটি লয়৷ সুৰভিৰ মৃত্যুৰ ১৮ দিনৰ পাছতে তেওঁলোকৰ দ্বিতীয় কন্যা অৰুণাই জন্মগ্ৰহণ কৰে৷ ১৯০৩ চনত জন্ম হয় তেওঁলোকৰ তৃতীয়টি সন্তান৷ নাম ৰখা হয় ৰত্নাৱলী ৷ ১৯০৮ চনত চতুৰ্থটি সন্তান দীপিকাই জন্মলাভ কৰে ৷ অসমৰ সাহিত্যৰসিকসকলে বেজবৰুৱাৰ জীৱনকালতে তেখেতক 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' উপাধি দুটা প্ৰদান কৰিছিল । ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰি প্ৰকাশ কৰা 'বাঁহী' আলোচনীত 'মোৰ দেশ' নামেৰে গীত এটি প্ৰকাশিত হয় । ১৯৩৮ চনৰ মাৰ্চ মাহৰ ২৬ তাৰিখে ডিব্ৰুগড় চহৰত থকা মাজু জীয়েক ৰত্না বৰুৱাৰ ঘৰত লক্ষ্মীনাথ বেজবৰুৱাৰ দেহাৱসান ঘটে | ১৯১৫ চনত প্ৰকাশিত হয় তেখেতৰ তিনিখন নাট যথাক্ৰমে জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ আৰু বেলিমাৰ।
আত্ম-জীৱনী আৰু জীৱনী - মোৰ জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫), মোৰ জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১), ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰীশ্ৰী শংকৰদেৱ, শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
চিন্তাশীল ৰচনা - তত্ত্বকথা, শ্ৰীকৃষ্ণকথা, ভগৱৎ কথা
উপন্যাস - পদুমকুঁৱৰী
গল্পপুথি - সুৰভি (১৯০৯), সাধুকথাৰ কুঁকি (১৯১০), জোনবিৰি (১৯১৩), কেহোঁকলি (মৰণোত্তৰ প্ৰকাশ)
সম্পাদকীয় কাৰ্য - বাঁহী
সাধুকথা আৰু শিশু সাহিত্য - বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা
অনুবাদ - ভাৰতবৰ্ষৰ বুৰঞ্জী
নাটক - লিতিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি, গদাধৰ ৰজা, বাৰেমতৰা, হ-য-ব-ৰ-ল, হেমলেত, মঙলা,
বুৰঞ্জীমূলক নাটক - চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী
সন্মান -
1. অসম ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন) (গুৱাহাটী)
2. অসম সাহিত্য সভাৰ সভাপতি (১৯২৪ চন) (গুৱাহাটী)
3. ৰসৰাজ উপাধি প্ৰদান (১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধি প্ৰদান কৰা হয়)
4. ৰত্নকান্ত বৰকাকতিদেৱৰ দ্বাৰা সাহিত্যৰথী অভিধা প্ৰদান
5. বেজবৰুৱাৰ নামত অনূদিত ডাক টিকট উন্মোচন
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved