শ্ৰীশ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬)
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল।
উত্তৰ লক্ষীমপুৰ্ণ নাৰায়ণপুৰ অঞ্চলৰ কাচিকটা নদীৰ পাৰৰ হৰিশিঙা বৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয় ১৪৮৯ চনত, তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম মনোৰমা । মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী । এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস । মাধৱদেৱৰ নাইকটা কাঁচিখন পেলোৱাৰ বাবে ওচৰৰ নদীখনৰ নাম কাঁচিকটা আৰু প্ৰসূতিৰ তেজলগা কাপোৰ ধোৱাৰ বাবে ওচৰৰ জানটোৰ পানীৰ বৰণ ৰঙা হৈ পৰাত পৰৱৰ্তী কালত ইয়াৰ নাম ৰঙাজান হয় । তেওঁ সৰুতে বন্দুকালৈ গৈ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা লাভ কৰে। শ্রীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে "মণি-কাঞ্চণ সংযোগ" বুলি অভিহিত কৰিছে ।
মাধৱদেৱে তেওঁৰ বৈনায়েক ৰামদাসৰ মুখে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মহিমা শুনি শংকৰদেৱৰ সৈতে চিনাকি হোৱাৰ মানসেৰে তেওঁৰ ওচৰ চাপে। সেই সময়ত শংকৰদেৱ ধুৱাহাট নামৰ ঠাইত আছিল । মাধৱদেৱে শংকৰদেৱৰ একান্ত অনুৰক্ত শিষ্য হৈ পৰে আৰু নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰত তেওঁ গুৰুৰ সোঁহাত স্বৰূপ হৈ পৰে।
মহাপুৰুষ মাধৱদেৱে লেখা ‘জয় গুৰু শংকাৰ কবিতাটো পঢ়ি শংকৰদেৱ বিমুগ্ধ হৈ যায় আৰু তেওঁক কবিতা লেখাৰ বাবে অনুপ্রাণিত কৰে । আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, নামঘোষা আদি অনুপম কাব্য ৰচনা কৰাৰ উপৰি তেওঁ অতি জনপ্রিয় বৰগীতসমূহ ৰচনা কৰে। দাস্য আৰু বাৎসলা ৰসৰ শ্ৰেষ্ঠ প্ৰকাশক হিচাপে বৰগীত সমূহৰ মূল্য অপৰিসীম। নামঘোষাতো দাস্যভাবৰ অফহৰম্ত প্রকাশ কাব্যিক সুষমাৰে প্রকাশিত হৈছে, মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ ভাবত গাভীৰতা, দাস্যভাবত আত্মসমৰ্পণ, আত্মলঘিমা আৰু গুৰুৰ প্ৰতি অবিচল ভক্তি এই গ্ৰস্হত সুন্দৰভাৱে প্রকাশ পাইছে
সাহিত্য ৰচনা - সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি
আখ্যানমূলক ৰচনা - ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ(অনুবাদ)
তত্ত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা, নামঘোষা
নাট - অৰ্জুন ভঞ্জন (প্ৰথমখন নাট), দধিমথন, চোৰ - ধৰা, পিম্পৰা - গুচোৱা, ভূমি - লেটোৱা, ভোজন - বিহাৰ
ঝুমুৰা - চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ (ঝুমুৰা), ভূমি লেটোৱা (ঝুমুৰা), কোটোৰা খেলা
অন্যান্য ৰচনা - ৰাস ঝুমুৰা
মৃত্যু - ১৫৯৬ চন কোচবিহাৰ
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved