শ্রীমন্ত শংকৰদেৱৰ জীৱনী
মহাপুৰুষ শংকৰদেৱৰ জন্ম হয় ১৪৪৯ চনত | তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা | বুঢ়ীমাক খেৰসূতীয়ে তেওঁক লালন-পালন কৰে। বাৰবছৰ সময়ত বুঢ়ীমাকে তেওঁক মহেন্দ্র কন্দলি নামৰ অধ্যাপক এজনৰ টোলত পঢ়িবলৈ পঠিয়ায়। এটা কন্যা সন্তান জন্ম নিয়াৰ পাছত সুৰ্যৱতীৰ মৃত্যু হয়। শংকৰদেৱৰ কন্যা সন্তান নাম 'মনু'। ষোড়শ শতাব্দীৰ দ্বিতীয় দশকত কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি তেওঁ ভূঞাসকলৰ সৈতে পলাই আহি আহোম ৰাজ্যৰ উত্তৰ পাৰে গাংমৌ আৰু তাৰ পাছত ধুৱাহাট বেলগুৰিত বসতি কৰিবলৈ লয়। ইয়াতে মাধৱদেৱৰ লগত তেওঁৰ মিলন হয় আৰু দুয়োৰে সহযোগত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন সমুজ্জ্ৱল হৈ উঠে। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল | বৰগীত 234 টা বৰগীতৰ ভিতৰত 35 টাহে পোৱা যায় । মৃত্যুৰ সময়ত তেওঁ মহাৰাজ নৰনাৰায়ণৰ ৰাজ-আতিথ্যত কোচবেহাৰত আছিল ৷ ১৫৬৮ খ্ৰীষ্টাব্দত (১৪৯০ শক, ২১ ভাদ) শুক্লা দ্বিতীয়া তিথিত ১১৯ বছৰ বয়সত তেওঁ কোচবিহাৰত থকা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।
শ্রীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে "মণি-কাঞ্চণ সংযোগ" বুলি অভিহিত কৰিছে ।
বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কৰে শংকৰদেৱে । তেওঁৰ জীৱনৰ প্রথমছোৱা বাৰভূঞা ৰাজ্যত, দ্বিতীয়হোৱা অসম ৰাজ্যৰ সংযোগত ধুৱাহাট, বেলগুলি আদিত আৰু শেষছোৱা কোচ ৰাজ্যত কটায়। শংকৰদেৱৰ ৰচনাৱলীক ছটা ভাগত বিভক্ত কৰিব পাৰি। সেইবোৰ হ’ল
অনুবাদমূলক – দশমখনেই সৰ্বশ্রেষ্ঠ। তেওঁ ভাগৱতৰ প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে। মাধৱ কন্দলিৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰাকাণ্ড তেওঁ অনুবাদ কৰে।
কাব্য – হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী, অজামিল উপাখ্যান, গ্রাহ গজেন্দ্ৰৰ যুদ্ধ, অমৃত মন্থন, বলিছলন আৰু কুৰুক্ষেত্ৰ।
নাট – শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা। সংস্কৃত নাট আৰু প্ৰাচীন অসমীয়া ওজাপালি অনুষ্ঠানৰ আৰ্হিত এক অংকযুক্ত নাট ছয়খন ৰচনা কৰে। নাটবোৰ হ’ল পত্নীপ্রসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়।
গীত – ভটিমা – শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল। বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত । ভটিমাবোৰো স্তুতি আৰু প্রশস্তিমূলক গীত।
নাম প্রসঙ্গ সম্পর্কীয় গ্রন্থ – কীৰ্ত্তনঘোষা এই ধৰণৰ এখন সুন্দৰ গ্ৰন্থ । লালিত্য, ছন্দ ঝংকাব, সৌন্দর্য, লাবণ্য, ভাবৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে কীৰ্ত্তন ৰচিত। “গুণমালা’ ভাগৱতৰ সাৰ সংগ্ৰহ কৰি ছয় আখৰীয়া কুসুম মালা ছন্দত ৰচা এখন মনোৰম পুথি।
ভক্তি আৰু অৱমূলক গ্রন্থ – ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ, অনাদি পাতন, নিমি নৱসিদ্ধ সংবাদ। সাহিত্য – সংস্কৃতিৰে অসমীয়া জাতিক সমুজ্জ্বল কৰি থৈ গ’ল এই মহাপুৰুজনাই ।
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved