Study Material
| Assam TET LP | Click Here |
| Assam TET UP | Click Here |
| CTET Paper 1 | Click Here |
| CTET Paper 2 | Click Here |
| Grade 3 | Click Here |
| Grade 4 | Click Here |
| Assam Police | Click Here |
| D.El.Ed | Click Here |
| Class 12 (NEET) | Click Here |
| Class 10(CBSC) | Click Here |
| Class 10 (SEBA) | Click Here |
কম্পিউটাৰৰ প্ৰকাৰ : কম্পিউটাৰ মূলতঃ তিনি প্রকাৰৰ
1. এনালগ (Analaog) কম্পিউটাৰ
2. ডিজিটেল (Digital) কম্পিউটাৰ
3. হাইব্রিড (Hybrid) কম্পিউটাৰ
1. এনালগ কম্পিউটাৰ (Analog Computer) : Analog, ইলেক্ট্রনিকচৰ সূত্র ব্যবহাৰ কৰি প্ৰস্তুত কৰা বাবে ইয়াক Analog কম্পিউটাৰ বুলি কোৱা হয়। ইলেক্ট্রনিকচব Analog আৰু Digital বুলি দুটা ভাগ আছে। এই দুইভাগৰ সূত্র বেলেগ বেলেগ। ৰেডিঅ', টেপ বেকৰ্ডাৰ আদি Analog ইলেক্ট্রনিকচৰ বস্তু। সেইদৰে কেলকুলেটৰ, ইলেক্ট্রনিক ঘড়ী আদি ডিজিটেল ইলেক্ট্রনিকত্ব বস্তু। প্রথমতে Analog কম্পিউটাৰ প্ৰস্তুত কৰা হৈছিল যদিও আজিকালি ইয়াৰ প্রচলন কমি আহিছে। এই কম্পিউটাৰ বেগী কিন্তু ইয়াত ভুল বেছি হয়।
ইংৰাজী Analaog শব্দটো প্রকৃততে গ্রীক ভাষাৰ পৰা অহা, ইয়াৰ অর্থ হৈছে- যিকোনো দুটা মাধ্যম তুলনা কৰি ইহংতৰ মাজত সাদৃশ্য স্থাপন। এনালগ কম্পিউটাৰে একেৰাহে একোটা জোখ আৰু তথ্যৰ জৰিয়তে দুটা মাধ্যমৰ মাজত সাদৃশ জুখি উলিয়ায়। এই শ্রেণীব কম্পিউটাৰত গণনা কৰাতকৈ জোখ-মাপ লোৱাতহে অধিক গুৰুত্ব আৰোপ কৰা হয়। সাধাৰণতে, উষ্ণতাৰ পৰিৱৰ্তনৰ জোখ লোৱা ধৰণৰ কাৰ্যত এই কম্পিউটাৰ ব্যবহাৰ কৰা হয়।
2. ডিজিটেল কম্পিউটাৰ (Digital Computer) : এই কম্পিউটাৰ প্রস্তুত কৰোঁতে ডিজিটেল ইলেক্ট্রনিকচৰ সূত্র ব্যৱহাৰ কৰা হয়। এইবিধ কম্পিউটাৰে ভুল নকৰে আৰু ইয়াৰ গতিবেগ মধ্যমীয়া। এইবিধ কম্পিউটাৰ বেছি সুবিধাজনক, সেইবাবে ইয়াৰ ব্যৱহাৰ অধিক আৰু জনপ্রিয়। বর্তমানে ব্যৱহাৰ হোৱা প্ৰায়বোৰ কম্পিউটাৰেই হৈছে ডিজিটেল। সংখ্যা দৰ্শনৰ ভিত্তিত চালিত কম্পিউটাৰসমূহকে সাধাৰণতে ডিজিটেল কম্পিউটাৰ বুলি কোৱা হয়। ডিজিটেল
কম্পিউটাবে '০' আৰু '১' অংক দুটাৰ বাদে আন একো বুজি নাপায়। এই শ্ৰেণীৰ কম্পিউটাৰে ইয়াক যোগান ধৰা সকলো তথ্য, নির্দেশ ইত্যাদি তৎমুহূর্ততে '০' আৰু '১'-এ এক সজ্জালৈ পৰিৱর্তন কৰি লয় আৰু সেই অনুসাৰে কার্য সম্পন্ন কৰে। ডিজিটেল কম্পিউটাৰ এনালগ কম্পিউটাৰতকৈ অধিক ক্ষীপ্ত, নির্ভৰযোগ্য আৰু উন্নত মানৰ।
3. হাইব্রীড কম্পিউটাৰ (Highbreed Computer) : হাইব্রিড কম্পিউটাৰ হৈছে এনালগ আৰু ডিজিটেল দুয়োবিধ কম্পিউটাৰৰে এক সংমিশ্রিত রূপ। এই শ্রেণীৰ কম্পিউটাৰ ঘাইকৈ বৈজ্ঞানিক আৰু কাৰিকৰী ক্ষেত্ৰত ব্যৱহাৰৰ বাবে প্রস্তুত কৰা হয়। এই কম্পিউটাব প্রস্তুত কৰোঁতে Analog আৰু Digital দুয়োটা সূত্র ব্যবহাৰ কৰা হয়, সেইবাবে ইয়াক Highbreed Computer বোলা হয়। এইবিধ কম্পিউটাৰৰ প্রচলন বেছি হোৱা নাই। ইয়াৰ ওপৰত গৱেষণা চলি আছে।
ডিজিটেল কম্পিউটাৰৰ আকাৰ, কাৰ্যদক্ষতা আৰু তথ্য সংৰক্ষণৰ ক্ষমতাৰ ভিত্তিত কেইবাভাগতো বিভক্ত কৰা হয়। যেনে- মাইক্র' কম্পিউটাৰ, মিনি কম্পিউটাৰ, চুপাৰ কম্পিউটাৰ, মেইন ফ্রেম কম্পিউটাৰ আৰু চুপাৰ কম্পিউটাৰ। বর্তমান বহুলভাবে ব্যৱহৃত ব্যক্তিগত কম্পিউটাৰ বা লেপটপবিলাক মাইক্র' কম্পিউটাৰ শ্ৰেণীৰ অন্তর্ভুক্ত।
ইয়াৰ উপৰি আকাৰৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰসমূহক তিনিটা ভাগত ভগাব পৰা যায়।
1. মেইন ফ্রেম কম্পিউটাৰ
2. মিনি কম্পিউটাৰ
3. মাইক্র' কম্পিউটাৰ
Main Frame কম্পিউটাৰসমূহ আকাৰত ডাঙৰ- এটা দহ ফুট পাঁচ ফুট চাইজৰ বাকচৰ সমান। মিনি কম্পিউটাৰসমূহ মেইন ফ্রেমতকৈ আকাৰত সৰু- এটা ১৬৫ লিটাৰৰ ফ্রিজৰ সমান। মাইক্র' কম্পিউটাৰ আকাৰত সৰু এটা মজলীয়া আকাৰৰ টিভিৰ সমান। বর্তমানে ব্যৱহাৰ হোৱা প্ৰায়বোৰ কম্পিউটাৰেই দ্বিতীয় আৰু তৃতীয়বিধৰ ভিতৰত পৰে। ইহঁতৰ ভিতৰত মাইক্র' কম্পিউটাৰ আটাইতকৈ শক্তিশালী। মাইক্র' কম্পিউটাৰবোৰক P. C (Personal Computer) বোলা হয়।
কম্পিউটাৰ (Computer)
ক্রমে P. C - ক কৈয়ো সক সক কম্পিউটাৰ ওলাইছে। নোট বুক কম্পিউটাৰ এটা ব্রীফকেচৰ দৰে। ইয়াক কঢ়িয়াই লৈ ফুৰিখাীণ সুবিধা। হেন্ড হেল্ড কম্পিউটাৰবোৰ অতি সৰু চাইজৰ। ইয়াক হাতত ৰাখিয়েই কাম কৰিব পাৰি। ইয়াক পার্চনেল ডায়েৰী বুলিও কোৱা হয়।
বর্তমান বিজ্ঞানীসকলে আকাৰ সৰু কৰি বিভিন্ন কামত লগাব পৰাকৈ কম্পিউটাৰৰ ওপৰত গবেষণা চলাই আছে। সেইবোৰ সফল হ'লে বিভিন্ন উদ্যোগ আৰু শিল্পত ইয়াক ব্যৱহাৰ কৰিব পৰা যাব।
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved