Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

CTET Dec 2018 Assamese Passage, Language - I

 

CTET December 2018 Assamese

Language - I (Passage)


Passage - 1

         ৰাজগৃহৰ পৰা বুদ্ধই ৰাজগৃহ আৰু নালন্দাৰ মাজত থকা অম্রলট্ঠিকাত আহি উপস্থিত হ'ল। তাতে ভিক্ষুসকলক ধর্মোপদেশ দি তেখেত নালন্দালৈ আহিল। নালন্দাত স্থানীয় প্রাবাৰিক আম্রকুঞ্জত শাৰীপুত্ৰৰ লগত বুদ্ধৰ সাক্ষাৎ হয় আৰু দুজনৰ মাজত বহুত ধর্মালোচনা হয়। নালন্দাৰ পৰা বুদ্ধই সকলো শিষ্যক লৈ পাটলিগাঁৱত (বর্তমান পাটনা) আহি তাত থকা অতিথিশালাত অৱস্থান কৰিলে। ইয়াতে তেখেতে ৰাইজক শীল ভংগৰ পৰিণাম আৰু শীল পালনৰ পুৰস্কাৰৰ কথা বর্ণনা কৰে। তেতিয়া সুনীধ আৰু বৰ্ষকাৰ নামৰ মগধৰ দুজন মন্ত্রী বৃজীসকলৰ আক্ৰমণ নিবাৰণৰ বাবে পাটলিগ্রামত নগৰ নিৰ্মাণৰ কাম কৰি আছিল। এই সংবাদ শুনি বুদ্ধই ভবিষ্যৎবাণী কৰিছিল এই বুলি যে - সকলো মহানগৰ আৰু বাণিজ্যকেন্দ্ৰৰ মাজত এই নগৰ শ্রেষ্ঠতম হ'ব। কিন্তু অগ্নি, বৰুণ আৰু আন্তঃবিবাদৰ দ্বাৰা এই নগৰ ধ্বংস হোৱাৰ সম্ভাৱনা আছে। মগধৰ মন্ত্রী দুজনৰ অনুৰোধত বুদ্ধই সশিষ্যে নগৰ উদ্বোধনী উৎসৱৰ নিমন্ত্রণ ৰক্ষা কৰি নগৰ উদ্বোধন কৰিলে। বুদ্ধৰ পৱিত্ৰ স্মৃতি যুগমীয়া কৰিবৰ মানসেৰে যিখন দ্বাৰেৰে বুদ্ধই নগৰত প্ৰৱেশ কৰিছিল সেই দ্বাৰৰ নাম ৰখা হ'ল গৌতমদ্বাৰ আৰু যি বাটেৰে বুদ্ধই গংগা পাৰ হৈছিল সেই ঠাইখনৰ নাম ৰখা হ'ল গৌতমতীৰ্থ বা বুদ্ধতীর্থ। গংগা পাৰ হৈ বুদ্ধই সকলো শিষ্যক লৈ কোটিগাঁৱত গৈ উপস্থিত হ'ল। এই কোটিগাঁৱতেই সকলোকে তেওঁ আর্যসত্য সম্পর্কে ধর্মোপদেশ দিয়ে। আর্যসত্য বুদ্ধৰ শ্রেষ্ঠতম উপদেশ। সাৰনাথত তেখেতে পঞ্চা ভিক্ষুৰ ওচৰত সৰ্বপ্ৰথম ধর্মোপদেশ দিয়াৰ সময় চাৰি আৰ্যসত্যৰ বৰ্ণনা কৰিছিল। আৰ্যসত্যৰ ব্যাখ্যা কৰিছিল ধৰ্মপ্ৰচাৰৰ দুকুৰি পাঁচ বছৰকাল সময়ত তেখেতে বিভিন্ন স্থানত বিভিন্নভাবে বিভিন্নজনৰ ওচৰত চাৰি আৰ্যসত্যৰ কথা ব্যাখ্যা কৰিছে। সেই বাবেই কোৱা হৈছে সমগ্র ত্রিপিটক এই চাৰি আৰ্যসত্যৰ বহুল বর্ণনা মাত্র। 

 

        কোটিগাঁৱৰ পৰা বুদ্ধ আহি উপস্থিত হ'ল কোটিগাঁও আৰু বৈশালীৰ মাজত অৱস্থান কৰা নাতিকা নামৰ স্থানত | নাতিকাৰ নাম - নাদিকা, নাদিক, ঞাতিক ইত্যাদি উচ্চাৰণতো পোৱা যায়। এই অঞ্চলৰ অধিবাসীসকল বুদ্ধভক্ত আছিল আৰু তেওঁলোকে ইটাৰে নির্মিত এটা বিহাৰ প্রতিষ্ঠা কৰিছিল যাৰ নাম আছিল গিঞ্জকাবসথ। পৰৱৰ্তী সময়ত এই বিহাৰ মহাবিহাৰত পৰিণত হৈছিল। নাতিকাতে বুদ্ধই 'ধম্মাদাস' নামৰ ধৰ্ম পৰ্যায়ৰ দেশনা কৰে। ইয়াৰ পিছত বুদ্ধ বৈশালীত উপস্থিত হয়। বৈশালীৰ পৰা বেলুগাঁৱলৈ আহি বুদ্ধই বর্ষাবাস যাপন কৰাৰ মনস্থ কবে। বাকী ভিক্ষুসকলক বৈশালীৰ ওচৰ - পাঁজৰত থাকি মিত্র, পৰিচিত আৰু বন্ধু ভিক্ষুসকলৰ লগত একত্ৰিত হৈ বর্ষাবাস উদ্যাপন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। বেলুগাঁৱলৈ অহাৰ আগতে যেতিয়া বৈশালীত আছিল তেতিয়াই আম্রপালীক বুদ্ধই দীক্ষা দিয়ে।

 

নির্দেশ : ওপৰৰ দিয়া ৰচনাখণ্ড মনোযোগেৰে পঢ়ি (প্রশ্ন নং 106 ৰ পৰা 114 লৈ) আটাইতকৈ উপযুক্ত বিকল্প উত্তৰ বাচি উলিওৱা

 

106. বৃজীসকলৰ আক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে কাৰ তত্ত্বাৱধানত পাটলিগ্রামত নগৰ নিৰ্মাণৰ কাম চলিছিল

(1) গৌতম বুদ্ধৰ
(2) শাৰীপুত্ৰৰ
(3) সুনীধ আৰু বৰ্ষকাৰৰ
(4) বর্ষকাৰ আৰু শাৰীপুত্ৰৰ


107. বুদ্ধই যি বাটেৰে গংগা পাৰ হৈছিল, সেই ঠাইখনৰ নাম ৰখা হৈছিল

(1) গৌতমদ্বাৰ
(2) গৌতমতীর্থ
(3) কোটিগাঁও
(4) পাটলিগাঁও


108. উদ্ধৃত দফাটোত বুদ্ধৰ পৰিভ্ৰমণৰ বৰ্ণনা পোৱা যায়। এই বর্ণনাৰ এটা ক্রম হৈছে- (কাঁড় চিহ্নৰে দেখুওৱা অনুসৰি)

(1) নালন্দা - বৈশালী - পাটলিপুত্র
(2) গৌতমদ্বাৰ - গৌতমতীর্থ - ৰাজগৃহ
(3) বৈশালী - কোটিগাঁও - বুদ্ধতীর্থ
(4) কোটিগাঁও - নাতিকা - বৈশালী


109. 'দ্বাৰ' শব্দটোৰ সমার্থক শব্দটো বিচাৰি উলিওৱা

(1) কপাট
(2) বাতায়ন
(3) দ্বাৰপাল
(4) পদুলি

 

110. বুদ্ধই পদার্পণ কৰা অম্রলট্‌ঠিকা ক'ত আছিল

(1) নালন্দাত
(2) কোটিগাঁও আৰু বৈশালীৰ মাজত
(3) পাটলিগ্রামত
(4) ৰাজগৃহ আৰু নালন্দাৰ মাজত

 

111. 'গিঞ্জকাবসথ' হৈছে

(1) নাতিকা অঞ্চলৰ অধিবাসীসকলে নিৰ্মাণ কৰা এক আম্রকুঞ্জ
(2) বৈশালীৰ অধিবাসীসকলে নির্মাণ কৰা এক অতিথিশালা
(3) নাতিকা অঞ্চলৰ অধিবাসীসকলে নির্মাণ কৰা এক বিহাৰ
(4) বৈশালীৰ অধিবাসীসকলে নির্মাণ কৰা এক মঠ

 

112. গৌতম বুদ্ধৰ শ্রেষ্ঠতম ধর্মোপদেশক কি বুলি জনা যায়

(1) আর্যসত্য
(2) বুদ্ধবচন
(3) ত্রিপিটক
(4) পঞ্চশীল

 

113. বুদ্ধদেৱৰ ধৰ্মপ্ৰচাৰৰ সময়সীমা আছিল

(1) সমগ্র জীৱন
(2) দুকুৰি বছৰ
(3) দুকুৰি পাঁচ বছৰ
(4) কোনো সময়সীমা নাছিল

 


114. 'ধর্মোপদেশ' শব্দটোৰ সন্ধি কেনেদৰে ভাঙিব পৰা যাব

(1) ধর্মৰ উপদেশ আৰু আলোচনা
(2) ধর্মালোচনা
(3) ধর্ম + আলোচনা
(4) ধর্ম + উপদেশ

 

CTET December 2018 Assamese

Language - II (Passage)


 

Passage - 2

 

 

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved