Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam EduX Academy - The Best Learning App Mobile Application

Assam EduX Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join

CTET Assamese Live Mock Test - 01

 

CTET 2026 Assamese Live Test - 01

CTET Paper - 1 & 2


CTET Assamese Live Mock Test - 01 | CTET Paper - 1 আৰু Paper 2 - ৰ বাবে গুৰুত্বপূৰ্ণ Assamese Language & Pedagogy MCQ, Previous Year Question-based Practice আৰু Exam-Oriented Questions অনুশীলন কৰক। এই mock test-টো CTET Assamese Preparation, CTET Assamese MCQ, CTET Paper - 1 Assamese আৰু CTET Paper - 2 Assamese প্ৰস্তুতিৰ বাবে উপযোগী।

📱 Assam EduX Academy App
CTET Assamese, CTET Paper - 1 & Paper - 2, Mock Test, PYQ, Notes, E-books আৰু Video Classes-ৰ বাবে Assam EduX Academy – The Best Learning App ব্যৱহাৰ কৰিব পাৰে।

 

Assam EduX Academy – The Best Learning App


CTET | Assam TET | ADRE | D.El.Ed | Class - 10 & 12
👉 App Download : Assam EduX Academy
🎁 Coupon Code : CTET2026

👉 App-ত পাব

  1. CTET Paper 1 & Paper 2 Course
  2. Assamese Language & Pedagogy
  3. Previous Year Question Papers
  4. Mock Test Series
  5. Daily MCQ Practice
  6. Study Materials
  7. Notes & E-books
  8. Live & Recorded Classes

📝 CTET Assamese Mock Test – Important MCQ

1. উক্তি (A) : শ্রেণীকোঠাৰ শিকন অভিজ্ঞতাসমূহ শিশুৰ জীৱন আৰু তাৰ প্ৰসংগসমূহৰ সৈতে গভীৰভাবে সম্পর্কিত।যুক্তি (R) : শিশুব পূর্ব-অভিজ্ঞতাৰ ভেঁটিতে শিকন অভিজ্ঞতাসমূহৰ পৰিকল্পনা কৰা হয়।
- তলত দিয়া বিকল্পকেইটাৰ আটাইতকৈ শুদ্ধটো বাছি উলিওৱাঁ

  1. (A) আৰু(R) দুয়োটাই শুদ্ধ, কিন্তু(R),(A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
  2. (A) শুদ্ধ, কিন্তু(R) অশুদ্ধ
  3. (A) অশুদ্ধ, কিন্তু(R) শুদ্ধ
  4. (A) আৰু(R) দুয়োটাই শুদ্ধ, আৰু(R) হৈছে(A)-ৰ শুদ্ধ ব্যাখ্যা

Answer : Answer :(A) আৰু(R) দুয়োটাই শুদ্ধ, আৰু(R) হৈছে(A)-ৰ শুদ্ধ ব্যাখ্যা

2. ভাষা শিকাৰ ক্ষেত্রত তলত দিয়া কোনটো শুদ্ধ নহয়

  1. ভাষা শিকিবলৈ সময় লাগে।
  2. ভাষা শিকা হৈছে অর্থ নির্মাণ কৰা
  3. ভাষা এটা শিকিবলৈ হ'লে ব্যাকৰণ শিকাটো প্রয়োজনীয়
  4. ভাষা এটাৰ সৈতে পর্যাপ্ত পৰিমাণে জড়িত হোৱাৰ সুযোগ পালে সকলো শিকাৰুৱে ভাষাটো শিকিব পাৰে।

Answer : ভাষা এটা শিকিবলৈ হ'লে ব্যাকৰণ শিকাটো প্রয়োজনীয়

3. এগৰাকী শিক্ষকে ছাত্র-ছাত্রীক তেওঁলোকৰ শিকন শৈলী আৰু অগ্রাধিকাৰৰ বিষয়ে জানিবৰ কাৰণে এখন প্রশ্নতালিকা দিছে। এইক্ষেত্রত শিক্ষকজনে কি ভূমিকা পালন কৰিছে

  1. প্লেনাৰ 
  2. বিশেষজ্ঞৰ তথ্যৰ যোগানধৰোঁতা
  3. নির্ণায়ক বা নিদান দিওঁতা 
  4. মেনেজাৰ

Answer : নির্ণায়ক বা নিদান দিওঁতা

4. প্রথম মানৰ এগৰাকী শিক্ষকে ছাত্র-ছাত্রীহঁতক সিহঁতৰ যি মন যায় তাকে দেৱালত আঁক-বাক কৰিবলৈ আৰু ছবি আঁকিবলৈ দিছে। এনে কৰাৰ দ্বাৰা শিক্ষকগৰাকীয়ে কি উৎসাহিত কৰিছে

  1. আনন্দ আৰু হাস্যৰস        
  2. লিখন দক্ষতাৰ বিকাশ
  3. বর্ণমালাৰ আখবৰবোৰ লিখাৰ আৰম্ভণি কৰা 
  4. প্ৰাৰম্ভিক স্তৰৰ সাক্ষৰতা আৰু বিকাশ

Answer : প্ৰাৰম্ভিক স্তৰৰ সাক্ষৰতা আৰু বিকাশ

5. চম্স্কীয়ে উত্থাপন কৰিছিল যে, ভাষা আহৰণ কৰাৰ জন্মগত তথা অন্তর্নিহিত ক্ষমতা হৈছে মানুহৰ এক জৈৱিক উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰক কি বুলি জনা যায়

  1. ভাষা অভিযোজন(adaptation) ডিগ্রী
  2. ভাষা আহৰণৰ(acquire) ক্ষেত্র
  3. ভাষা অধিগ্রহণ বা স্বীকৃতি(acceptance) অভিলাষ 
  4. ভাষা আহৰণ(acquisition) সঁজুলি বা কৌশল

Answer : ভাষা আহৰণ(acquisition) সঁজুলি বা কৌশল

6. ভাষাৰ আটাইতকৈ ক্ষুদ্রতম অর্থবহ গোট হৈছে

  1. শব্দার্থ অধ্যয়নবিদ্যা(semantics) 
  2. ধ্বনি বা বর্ণ(phoneme)
  3. ৰূপ(morpheme) 
  4. বাক্যতত্ত্ব(syntax)

Answer : ধ্বনি বা বর্ণ(phoneme)


7. ভাষা মিশ্রণ(code mixing), ভাষা সঞ্চৰণ(code switching), শিশুৰ ভাষা, গুপ্ত ভাষা, আদি বিষয়সমূহ পঢ়িবলৈ আগ্রহীজনে তলৰ কোনটো বিভাগত অধ্যয়ন কৰিব

  1. সাংস্কৃতিক মনোবিজ্ঞান 
  2. নৃতত্ত্ববিদ্যা
  3. সমাজবিজ্ঞান 
  4. সমাজ-ভাষাবিজ্ঞান

Answer : সমাজ-ভাষাবিজ্ঞান

8. বুনিয়াদী স্তৰত পঠন দক্ষতাৰ মূল্যায়ন কৰিবৰ কাৰণে তলত দিয়া কোনটোত শিক্ষকে আটাইতকৈ মনোযোগ দিয়া উচিত

  1. বর্ণমালাৰ আখৰবোৰ চিনি পোৱা 
  2. যতিচিহ্নৰ ব্যৱহাৰ
  3. অনৰ্গলতাৰ বা সাৱলীলভাৱে পঠন 
  4. বুজি পাই কৰা পঠন

Answer : বুজি পাই কৰা পঠন

9. ফলপ্রসূ যোগাযোগ বা ভাব-বিনিময় নিশ্চিত কৰিবৰ কাৰণে কি কৰা উচিত

  1. নিয়মীয়া বিৰতিত আনৰ কথাৰ মাজত ভাগ লোৱা বা মাত মতা
  2. শাৰীৰিক অংগী-ভংগী কৰি থকা
  3. মনলৈ যি আহে তাকেই কোৱা
  4. প্রথমতে আনে কোৱাখিনি শুনা

Answer : প্রথমতে আনে কোৱাখিনি শুনা


10. শ্রেণীকোঠাত কবিতা পঢ়াবৰ কাৰণে প্রথমে শিক্ষকজনে কবিতাটো পঢ়ি শুনালে আৰু তাৰ পাছত তেওঁ কিছুমান গোটত ছাত্র-ছাত্রীবোৰক ভাগ কৰি দলীয় কার্য কিছুমান কৰিবলৈ দিলে। এটা গোটে কবিতাটোৰ বিষয়বস্তু লিখিব, আন এটা গোটে কবিতাটোৰ মুখ্য চৰিত্ৰটোৰ ছবি আঁকিব আৰু আন এটা গোটে কবিতাটোৰ সাৰাংশ লিখিব। শিক্ষকজনৰ এই কার্যৰ উদ্দেশ্য হৈছে

  1. শিকাৰুৰ মন আনফালে ঢাল খুউৱা
  2. শ্রেণীটোৰ সকলো ছাত্র-ছাত্রীকে জড়িত কৰা
  3. শিকাৰুৰ ভিন ভিন দক্ষতা আৰু ৰাপক প্রোৎসাহিত কৰা
  4. ছাত্র-ছাত্রীবোৰক মূল্যায়নৰ কাৰণে প্রস্তুত কৰা

Answer : শিকাৰুৰ ভিন ভিন দক্ষতা আৰু ৰাপক প্রোৎসাহিত কৰা



11. দ্বিতীয় ভাষাৰ শ্রেণীকোঠা এটাত সাধাৰণতে বিভিন্ন ভাষাৰ সমাৱেশ হয়। এনে শ্রেণীকোঠাত শিক্ষকে কি কৰা উচিত

  1. পাঠ্যসূচী সামৰিব পৰাকৈ বিভিন্ন কার্যৰ কিছুমান ৱর্কশ্বীট কৰিবলৈ দিয়া
  2. আৱশ্যকীয় দক্ষতাৰ বিকাশৰ কাৰণে এক সহজ পৰিৱেশ সৃষ্টি কৰা
  3. পাঠসমূহৰ সাৰাংশ আৰু সহজ ৰূপৰ যোগান ধৰা
  4. যথেষ্ট পৰিমাণে স্বেচ্ছা বিৱৰণমূলক টোকা দিয়া

Answer : আৱশ্যকীয় দক্ষতাৰ বিকাশৰ কাৰণে এক সহজ পৰিৱেশ সৃষ্টি কৰা



12. তুমি তোমাৰ ছাত্র-ছাত্রীবোৰৰ এটা পৰীক্ষা লওঁতে প্রশ্নকাকতখন এনেদৰে প্রস্তুত কৰিছা যে সিহঁতে কাল, অব্যয়, প্রতায়, বিশেষণ আদি সঠিককৈ প্রয়োগ কৰিবলগা হয়। এইক্ষেত্রত তুমি কোনটো পদ্ধতি বা অভিগমন ব্যৱহাৰ কৰিছা

  1. প্রত্যক্ষ বা পোনপটীয়া ব্যাকৰণৰ পৰীক্ষা
  2. অপ্রত্যক্ষ বা আওপকীয়া ব্যাকৰণৰ পৰীক্ষা
  3. মিশ্রিত ব্যাকৰণ কার্য
  4. সমন্বিত ব্যাকৰণ পৰীক্ষা

Answer : সমন্বিত ব্যাকৰণ পৰীক্ষা



13. ব্যাকৰণ কিদৰে শিকোৱা উচিত

  1. প্রসংগ অনুসৰি অনুশীলন কৰোৱাই
  2. লিখিত প্রদত্ত কার্য কৰিবলৈ দি
  3. শিকাৰুক ব্যাকৰণৰ সূত্রসমূহ মুখস্থ কৰিবলৈ উৎসাহিত কৰি
  4. শিকাৰুক পর্যাপ্ত পৰিমাণে প্রদত্ত কার্য দি

Answer : প্রসংগ অনুসৰি অনুশীলন কৰোৱাই



14. তুমি তোমাৰ শ্ৰেণীকোঠাত ভাষা-সমৃদ্ধ পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছা। ইয়াৰ কাৰণে তোমাৰ কি কৰা উচিত

  1. শ্রেণীকোঠাত যোগাযোগৰ কাৰণে শিকাৰুক কেৱল ইংৰাজী ব্যৱহাৰ কৰিবলৈ উৎসাহ দিবা
  2. শ্রেণীকোঠাত এটা ভাষা পৰীক্ষাগাৰ প্ৰতিষ্ঠা কৰিবা
  3. অভিভাৱকসকলক ভাষাজড়িত খেল আক কার্য কিনি দিবলৈ উৎসাহ দিবা
  4. শিকাৰুৰ দ্বাৰা ভাষা দেখা, লক্ষ্য কৰা আৰু ব্যৱহাৰ কৰাৰ সুযোগ দিবা

Answer : শিকাৰুৰ দ্বাৰা ভাষা দেখা, লক্ষ্য কৰা আৰু ব্যৱহাৰ কৰাৰ সুযোগ দিবা



15. ছবি থকা কিতাপৰ ছবিবোৰৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ

  1. ছবিবোৰে শিশুৰ মনোযোগ ধৰি ৰাখে
  2. ছবিবোৰ চাই শিশুৱেও তেনে ছবি আঁকাৰ সুযোগ দিয়ে
  3. অচিনাকি আৰু মনত ৰাখিবলগা প্রসংগবোৰত ভাষা প্রকাশত সহায় কৰে
  4. ছবিবোৰে বিষয়বস্তুক তুলি ধৰে

Answer : ছবিবোৰ চাই শিশুৱেও তেনে ছবি আঁকাৰ সুযোগ দিয়ে



🎥 CTET Assamese Live Mock Test Video

তলৰ video-টো সম্পূৰ্ণ চাওক আৰু video-ৰ সৈতে questions practice কৰক।

CTET Assamese Live Mock Test - 01

 


            src="https://www.youtube.com/embed/oRwxWsPIItI"
        title="YouTube Video"
        frameborder="0"
        allow="accelerometer; autoplay; clipboard-write; encrypted-media; gyroscope; picture-in-picture; web-share"
        referrerpolicy="strict-origin-when-cross-origin"
        allowfullscreen>
   
            href="https://www.youtube.com/watch?v=oRwxWsPIItI"
        target="_blank"
        class="youtube-click">
   





16. কম বয়সীয়া শিকাৰুৰ ক্ষেত্ৰত তলত দিয়া কোনটো বিবৃতি শুদ্ধ

  1. একেবাৰে কম বয়সীয়া শিকাৰুৱে বিমূর্ত ধাৰণাসমূহ বুজি পাবলৈ টান পায়।
  2. একেবাৰে কম বয়সীয়া শিকাৰুৱে আংশিকভাৱে বিমূর্ত ধাৰণাসমূহ বুজি পায়।
  3. বিমূর্ত ধাৰণাসমূহৰ দ্বাৰা একেবাৰে কম বয়সীয়া শিকাৰু অনুপ্রাণিত হয়।
  4. বিমূর্ত ধাৰণাসমূহ একেবাৰে কম বয়সীয়া শিকাৰুৱে বুজি পায়।

Answer : একেবাৰে কম বয়সীয়া শিকাৰুৱে বিমূর্ত ধাৰণাসমূহ বুজি পাবলৈ টান পায়।



17. গল্প আৰু তেনে কিছুমান গদ্যৰ এটা সংকলন ভাষা শিকাৰ এক পৰিপূৰক পঠন হিচাপে ৰখা হৈছে। এনে পৰিপূৰক পঠনৰ উদ্দেশ হৈছে

  1. ঐকান্তিক(intensive) পঠনৰ পৃষ্ঠপোষকতা কৰা
  2. নৈতিক শিক্ষাক উৎসাহ দিয়া
  3. বিস্তৃত(extensive) পঠনৰ পৃষ্ঠপোষকতা কৰা
  4. বহুভাষিকতাক ব্যাপক কৰি তোলা

Answer : বিস্তৃত(extensive) পঠনৰ পৃষ্ঠপোষকতা কৰা



18. Cummin-ৰ পৰস্পৰ নিৰ্ভৰ প্রমেয় বা পৰিকল্পনা(interdependence hypothesis) তলত দিয়া কোনকেইটা ইটো-সিটোৰ ওপৰত নিৰ্ভৰশীল।

  1.  দ্বিতীয় ভাষাত পঠন আৰু লিখন
  2.  প্রথম আৰু দ্বিতীয় ভাযাত মৌলিক বা বুনিয়াদী দক্ষতা
  3.  দ্বিতীয় ভাষাত বোধগম্যতা আৰু উৎপাদন
  4.  প্রথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক বা বিদ্যায়তনিক দক্ষতা

Answer : প্রথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক বা বিদ্যায়তনিক দক্ষতা



19. আখৰ আৰু বর্ণমালাৰ পৰিবৰ্তে শব্দ আৰু চুটি কাহিনীৰে পঠন দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটোৱে স্বীকাৰ নকৰে।

  1.  শব্দ আৰু পাঠবোৰ বেছি আকর্ষণীয়, কিন্তু আখৰবোৰ নহয়।
  2.  শব্দ মনত ৰখাতকৈ সুকীয়া সুকীয়া আখৰ মনত ৰাখিবলৈ কঠিন।
  3.  ন-পঢ়ুৱৈয়ে ক্ষুদ্রতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে।
  4.  আখৰে কৰিব নোৱাৰা অর্থৱহ সংযোগ শব্দ আৰু পাঠে সৃষ্টি কৰিব পাৰে।

Answer : ন-পঢ়ুৱৈয়ে ক্ষুদ্রতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে।



20. ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰপৰা তলত দিয়া উক্তিকেইটাৰ কোনটো শুদ্ধ।

  1.  ভাষাৰ নিজস্ব লিপি থাকে, কিন্তু উপভাষাৰ নাথাকে।
  2.  ভাষা আৰু উপভাষাৰ মাজত কোনো সুনির্দিষ্ট ভাষাতাত্ত্বিক পার্থক্য নাই।
  3.  ভাষাৰ লিখিত সাহিত্য থাকে, কিন্তু উপভাষা কেৱল মৌখিক পৰম্পৰা নিৰ্ভৰ।
  4.  ভাষা আৰু উপভাষা ভাষাগতভাৱে বা ভাষাতত্ত্বগতভাৱে ভিন ভিন, কিন্তু ভৌগোলিকভাৱে একে।

Answer : ভাষা আৰু উপভাষাৰ মাজত কোনো সুনির্দিষ্ট ভাষাতাত্ত্বিক পার্থক্য নাই।



21. পাঠ বুজি পোৱাত আৰু শব্দভাণ্ডাৰ টনকিয়াল কৰাত তলৰ কোনটোৱে সহায় নকৰে। 

  1.  বিষয় সাৰ বা থীম্ মেপ
  2.  চিত্র অভিধান
  3.  শব্দ মেপ
  4.  বর্ণমালাৰ চার্ট

Answer : বর্ণমালাৰ চার্ট



22. শুদ্ধ উক্তিটো বাছি উলিওৱী 

  1.  পর্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়ন(Formative assessment) শিকনৰ গোটেই সময়ছোৱাত নিৰন্তৰ চলি থাকে।
  2.  শিকনৰ সময়ছোৱাৰ আগতে আৰু চলি থকা অৱস্থাত কৰা হয়।
  3.  গঠনাত্মক মূল্যায়নে শিকনৰ কার্য বা ব্যৱহাৰিকতাতকৈ গঠন বা ৰূপত বেছি গুৰুত্ব দিয়ে।
  4.  সাৰাংশিত মূল্যায়ন(Summative assessment) হৈছে গোটেই বছৰটোৰ সকলো মূল্যায়নৰ সৰ্বমুঠ।

Answer : পর্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়ন(Formative assessment) শিকনৰ গোটেই সময়ছোৱাত নিৰন্তৰ চলি থাকে।



23. ভাষাৰ সামগ্রিক(inclusive) শ্রেণীকক্ষ এটা সৃষ্টি কৰাত তলত দিয়া কোনটোৱে সহায় নকৰে। 

  1.  বহুভাষিক অভিগম গ্রহণ কৰা
  2.  কিছুমান ছাত্র-ছাত্রীক শ্রেণীটোৰ মনিটৰ পাতি দিয়া
  3.  সহপাঠীৰ মাজত আলাপ-আলোচনা আৰু ফীডবেক
  4.  দলীয় কার্য কৰিবলৈ দিয়া

Answer : কিছুমান ছাত্র-ছাত্রীক শ্রেণীটোৰ মনিটৰ পাতি দিয়া



24. 'p', 'b', '6' আৰু '9' - এইকেইটা পঢ়োতে আৰু লিখোতে শিশুৱে প্রায়ে খেলি - মেলি কৰে। তলত দিয়া কোনটো অসুবিধা থকা শিশুৰ এই খেলি - মেলি বেছি হয় 

  1.  এন'মিয়া
  2.  ডিছলেক্সিয়া
  3.  খোনোৱা বা খোনাই ধৰা
  4.  এফেজিয়া

Answer : ডিছলেক্সিয়া



25. 'ফলপ্রসু শব্দভাণ্ডাৰ' কি

  1.  লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ
  2.  পঢ়ুৱৈৰ কাৰণে নতুন শব্দবোৰ
  3.  শুনা ধৰণেই চিনি পাব পৰা শব্দবোৰ
  4.  পাঠৰ শাৰীবোৰ অতিক্রমিও লক্ষ্য কৰা শব্দবোৰ

Answer : লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ



26. উক্তি (A) : নিদানমূলক(Remedial) শিক্ষণ হৈছে শিক্ষণ-শিকন প্রক্রিয়াটোৰ এক অপৰিহার্য অংগ।
যুক্তি (R) : নিদানমূলক শিক্ষণ হৈছে পুনৰবাৰ শিকোৱা, প্রয়োজনীয় নহয় যে একেটা ধৰণতে শিকোৱা, যেতিয়া ভাষা সামগ্রী এটা ভালদৰে শিকা নহয়।
আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিওবাঁ।

  1. (1)(A) আৰু(R) উভয়ে শুদ্ধ, কিন্তু(R),(A)-ৰ সঠিক ব্যাখ্যা নহয়
  2. (2)(A) শুদ্ধ, কিন্তু(R) অশুদ্ধ
  3. (3)(A) অশুদ্ধ, কিন্তু(R) শুদ্ধ
  4. (4)(A) আৰু(R) উভয়ে শুদ্ধ, আৰু(R) হৈছে(A)-ৰ সঠিক ব্যাখ্যা

Answer : Answer :(A) আৰু(R) উভয়ে শুদ্ধ, আৰু(R) হৈছে(A)-ৰ সঠিক ব্যাখ্যা



27. 'মাতৃভাষাভিত্তিক বহুভাষিকতা'ই তলত দিয়া কোনটোৰ পোষকতা কৰে।

  1.  সকলো শিশুৱে ইংৰাজী মাধ্যমত আৰু ঘৰুৱা ভাষাত বিদ্যাৰম্ভ কৰিব লাগে।
  2.  সকলো শিশুৱে সিহঁতৰ প্রথম ভাষা হিচাপে হিন্দী শিকা উচিত।
  3.  সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যাৰম্ভ কৰিব লাগে।
  4.  সকলো শিশুৱে ৰাজ্যভাষাত বিদ্যাৰম্ভ কৰা উচিত।

Answer : সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যাৰম্ভ কৰিব লাগে।



28. ইংৰাজী ব্যাকৰণ শিকোৱাৰ এটা মুখ্য উদ্দেশ্য হৈছে

  1. আমাৰ ধাৰণাসমূহৰ মৌলিকতা বৃদ্ধি কৰা
  2. ভাষণ আৰু লিখনত ধাৰণাসমূহ যুক্তিযুক্তভাৱে আৰু শুদ্ধকৈ প্রকাশ কৰাৰ দক্ষতা বিকাশ কৰা
  3. সূত্র বা নিয়মবোৰ মনত ৰখাৰ দক্ষতা বৃদ্ধি কৰা
  4. অধ্যয়নত ৰাপ বৃদ্ধি কৰা

Answer : ভাষণ আৰু লিখনত ধাৰণাসমূহ যুক্তিযুক্তভাৱে আৰু শুদ্ধকৈ প্রকাশ কৰাৰ দক্ষতা বিকাশ কৰা



29. ছাত্র-ছাত্রীয়ে দোকান এখনলৈ গৈ কিবা কিনিবৰ কাৰণে প্রয়োজন হোৱা কার্যকৰী ভাষ্য ব্যৱহাৰ কৰিব পাৰিব নে নাই সেয়া জানিবৰ কাৰণে কি কৰা উচিত

  1. তেওঁৰ খাদ্যৰ অগ্রাধিকাৰৰ বিষয়ে লিখা
  2. দোকানী আৰু গ্রাহকৰ এটা চুটি গল্প পঢ়া
  3. দোকানী আৰু গ্ৰাহকৰ এখন চিত্র অংকন কৰা
  4. দোকানী আৰু গ্রাহকৰ মাজত হোৱা কথোকথনৰ চুটি সংলাপ লিখা

Answer : দোকানী আৰু গ্রাহকৰ মাজত হোৱা কথোকথনৰ চুটি সংলাপ লিখা



30. বিজ্ঞানৰ ধাৰণা কিছুমানৰ বিষয়ে এটা পাঠ এটা বুজি লৈ পঢ়োতে কিছুমান ছাত্র-ছাত্রীয়ে ভাষা শিকনৰ কিছুমান দিশ লক্ষ্য কৰিছে। তেওঁ বিশেষ দিশ কিছুমানত অসুবিধা পোবা ছাত্র-ছাত্রী কেইজন বাচি উলিয়াইছে আৰু সিহঁতক বুজি পোৱাকৈ পঢ়াত সহায় কৰিবলৈ সুকীয়াকৈ শ্রেণী লৈছে। এই শিক্ষণ অনুশীলনটো হৈছে

  1. উচ্চস্তৰীয় অন্যান্য কৌশল বা দক্ষতা 
  2. চিন্তাৰ কৌশল
  3. ফীড্বেক শিক্ষণ 
  4. নিদানমূলক(Remedial) শিক্ষণ

Answer : নিদানমূলক(Remedial) শিক্ষণ
🔥 CTET Assamese Important Topics

CTET Assamese Paper 1 & Paper 2 প্ৰস্তুতিৰ সময়ত তলৰ বিষয়সমূহ বিশেষভাৱে অনুশীলন কৰক

  1. Assamese Language Pedagogy
  2. Language Acquisition
  3. Language Learning
  4. Listening & Speaking
  5. Reading & Writing
  6. Multilingualism
  7. Language Skills
  8. Grammar in Context
  9. Comprehension
  10. Inclusive Language Classroom
  11. Language Difficulties
  12. Remedial Teaching
  13. Assessment of Language
  14. Teaching-Learning Materials
  15. Child-Centred Language Teaching




📚 CTET Assamese Previous Year Questions

Assam EduX Academy - তো CTET Assamese Previous Year Questions আৰু বিভিন্ন বছৰৰ PYQ practice materials উপলব্ধ আছে।



🎯 CTET Assamese Preparation Tips

CTET Paper - 1 অথবা Paper - 2-ৰ বাবে Assamese Language প্ৰস্তুতিৰ ক্ষেত্ৰত কেৱল question মুখস্থ নকৰি concept + pedagogy + PYQ + mock test-ৰ ওপৰত গুৰুত্ব দিয়ক।



প্ৰতিদিনে - 

  1. Assamese MCQ practice কৰক
  2. Previous Year Questions সমাধান কৰক
  3. Language Pedagogy revise কৰক
  4. Mock Test দিয়ক
  5. ভুল হোৱা questions পুনৰ revise কৰক
  6. Comprehension practice কৰক





🚀 CTET Preparation – Start Your Practice

আপুনি যদি CTET Assamese Paper - 1 & Paper - 2, CTET Assamese Pedagogy, CTET Assamese MCQ, CTET PYQ আৰু Mock Test Series একেলগে practice কৰিব বিচাৰে, তেন্তে Assam EduX Academy App-ত available learning resources ব্যৱহাৰ কৰিব পাৰে।



📲 Assam EduX Academy – The Best Learning App

CTET | Assam TET | ADRE | D.El.Ed | Class - 10

👉 App Download : Assam EduX Academy

🎁 Coupon Code : CTET2026

 

Share this post

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved