1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পার্থক্য কি কি ?
| স্বপোষিত পুষ্টি | পৰপোষিত পুষ্টি |
| i. অজৈৱ অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে | i. নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে যদিও আন জীৱদেহ (যেনে - প্রাণী) ৰ পৰা খাদ্য সংগ্ৰহ কৰে |
| ii. ক্ল'ৰ'ফিল আৰু সূর্যৰশ্মিৰ প্ৰয়োজন হয় | ii. ক্ল'ৰাফিল আৰু সূর্যৰশ্মিৰ প্ৰয়োজন নহয় |
| iii. সালোক সংশ্লেষণ ঘটে | iii. সালোক সংশ্লেষণ নঘটে |
| iv. সেউজীয়া উদ্ভিদ আৰু কিছু বেক্টেৰিয়াত ঘটে | iv. পতঙ্গভুক উদ্ভিদত ঘটে |
2. সালোক সংশ্লেষণত প্রয়োজনীয় প্রতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায় ?
Ans : সালোকসংশ্লেষণৰ বাবে প্রয়োজন হোৱা উপাদানবোৰ হ'ল:
i. পানী : উদ্ভিদ মৃত্তিকাৰ পৰা মূলেৰে শোষণ কৰে।
ii. কার্বন - ডাই - অক্সাইড : বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰবন্ধৰ মাজেৰে CO গ্রহণ কৰে।
iii. ক্ল'ৰ'ফিল : উদ্ভিদৰ সেউজীয়া পাতত থাকে।
iv. সূৰ্যৰশ্মি : সূৰ্যৰ পৰা পায়।
3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি ?
Ans : পাকস্থলীত নিঃসৰণ হোৱা এছিড (HCI) - ৰ ভূমিকা
i. ই খাদ্যখিনি আঙ্গিক কৰে।
ii. ইপেপচিনৰ কাৰ্য তীব্র কৰে।
iii. ই খাদ্যখিনিত থকা বেক্টেৰিয়া ধ্বংস কৰে।
4. পাচক উৎসেচকৰ কাৰ্য কি ?
Ans : পাচক উৎসেচকৰ কাৰ্যহ'ল খাদ্যৰ জটিল অনুসমূহসৰলঅণুলৈ ৰূপান্তৰিত কৰা।
5. শোষণ হ'ব পৰাকৈ ক্ষুদ্রান্তত খাদ্য কেনেকৈ পাচন হয় ?
Ans : আমি খাৱো খাদ্যবোৰ সম্পূৰ্ণ পাচন হয় ক্ষুদ্রান্তত। ক্ষুদ্রান্তৰ বেৰত আঙুলি সদৃশ কিছুমান প্ৰৱর্ধ থাকে। এইবোৰক ভিলাই বোলে। ভিলাইবোৰক ৰক্তবাহী নলিকাৰ জালেৰে আৱৰি ৰাখে। এই জালিকাবোৰে পাচন হোৱা খাদ্য শোষণ কৰে আৰু দেহৰ বিভিন্ন অংশৰ কোষসমূহলৈ পঠিয়ায়।
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved