অসম কেবিনেট
গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
২১ আগষ্ট ২০২৪ | (৪ ভাদ ১৪৩১ ভাস্কৰাব্দ)

ভূমি প্রিমিয়াম যুক্তিসংগতকৰণ
Page No - 1
- সকলো স্তৰৰ ৰাইজৰ বাবে সহায়ক হোৱাকৈ গুৱাহাটীত ভূমিৰ প্রিমিয়ামক যুক্তিসংগত কৰাৰ উদ্দেশ্যে মাননীয় মন্ত্রী শ্রীঅশোক সিংহল আৰু শ্রীযোগেন মোহনক সদস্য হিচাপে লৈ কেবিনেট উপ-সমিতি গঠনত অনুমোদন
ভূমিৰ বাধামুক্ত পুনঃ শ্রেণী বিভাজন নিশ্চিতকৰণ
- চহৰ আৰু গ্ৰামাঞ্চল উভয়তে স্থানীয় কর্তৃপক্ষৰ অনুমোদিত ভূমি ব্যৱহাৰৰ পৰিকল্পনা অনুসৰি ভূমিৰ পুনঃ শ্রেণী বিভাজন নিশ্চিত কৰিবলৈ The Assam Agricultural Land (Regulation of Reclassification and Transfer of Non-Agricultural Purpose) Act, ২০১৫ ৰ সংশোধনৰ বাবে কেবিনেটৰ অনুমোদন
- এই সংশোধনীয়ে নাগৰিকসকলৰ বাবে প্রয়োজনীয়তা আৰু ভূমি ব্যৱহাৰ পৰিকল্পনা অনুসৰি এটা শ্ৰেণীৰ পৰা আন এটা শ্রেণীলৈ বিধি হিচাপে অনা-কৃষিভূমিৰ এক অসুবিধা-মুক্ত পুনঃ শ্রেণী বিভাজন নিশ্চিত কৰিব
- এই আইনৰ বিধিসমূহ ব্যৱহাৰ কৰি মিছন বসুন্ধৰা ৩.০ৰ অধীনত পুনঃ শ্রেণী বিভাজন প্রদান কৰা এটা সেৱা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে
শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২৩
- অসম চৰকাৰে বিশিষ্ট শাস্ত্রীয় নৃত্যশিল্পী শ্রীমতী সোণাল মানসিঙক শ্রীমন্ত শংকৰদেৱ বঁটা, ২০২৩ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে
- বঁটাটি ৫ লাখ টকাৰ ধনৰাশি, এটা সোণৰ পদক আৰু এখন প্রশস্তিপত্ৰৰে সমৃদ্ধ

মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক, ২০২৪ত সন্মতি
Page No - 2
- মুছলমান বিবাহৰ পৱিত্ৰতাক শক্তিশালী কৰিবলৈ আৰু বিবাহ তথা বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কর্তৃত্ব হিচাপে চৰকাৰী ব্যৱস্থাক কর্তৃত্ব প্রদান কৰিবলৈ কেবিনেটে অসম বিধান সভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্যে 'অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক, ২০২৪' অনুমোদন জনাইছে
- বিধেয়কখনে বিবাহৰ পৱিত্ৰতাক অক্ষুণ্ণতাৰে শক্তিশালী কৰাৰ পথ প্রশস্ত কৰাৰ লগতে বিশেষকৈ মহিলাসকলক আইনী ধাৰণাৰ সুৰক্ষা আৰু লাভালাভ প্রদান কৰিব আৰু সমাজত বাল্য বিবাহৰ সামাজিক ব্যাধিক প্রতিহত কৰিব
- বিধেয়কৰ নিৰ্ধাৰিত উদ্দেশ্য
- বাল্য বিবাহ প্রতিৰোধ
- সকলো বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা। বিবাহ তেওঁলোকৰ ৰীতি-নীতি, আচাৰ আৰু অনুষ্ঠান অনুসৰি সম্পন্ন কৰা হ'ব আৰু আইনৰ বিধান অনুসৰি ঘোষণা কৰা হ'ব
- এই নতুন বিধেয়কখন সকলো সম্পর্কিত বিষয়ৰ প্ৰয়োগৰ সত্যতা নিশ্চিত আৰু বিচাৰি উলিওৱাৰ বাবে চমন, জাননী আদিৰ চিভিল কোড অব প্ৰচিডিউৰৰ লগত সামঞ্জস্য ৰাখি প্রস্তুত কৰা হৈছে
- সাধাৰণ লোকসকলক লাভান্বিত কৰিব আৰু তেওঁলোকৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ আইনী স্বীকৃতিৰ উপৰি তেওঁলোকক সকলো প্রতিকূলতাৰ পৰা সুৰক্ষিত কৰিব

অৰুণোদয়েৰে অসমৰ নাৰী শক্তিৰ সবলীকৰণ
Page No - 3
- অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ হেতু কেবিনেটে অতিৰিক্ত ১২ লাখতকৈও অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় ৩.০ মুকলি কৰিবলৈ অনুমোদন জনাইছে। অৰুণোদয় ৩.০-ৰ মুঠ লক্ষ্য হৈছে ৩৭ লাখ হিতাধিকাৰী
- অৰুণোদয় ৩.০ - ত নাম অন্তর্ভুক্ত কৰাৰ বাবে আধাৰ সংযুক্ত ৰেচন কার্ড এক প্রাথমিক প্রয়োজনীয়তা হ'ব। প্রধানমন্ত্রী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বীমা কভাৰেজৰ সৈতে মাহিলি ১,২৫০ টকা সাহায্য প্রতিজন হিতাধিকাৰীক প্রদান কৰা হ'ব
- জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পর্যায়ত হিতাধিকাৰী বাছনি কৰিব আৰু এই প্রক্রিয়া ১৫ ছেপ্টেম্বৰ ২০২৪-ৰ পৰা আৰম্ভ হ'ব
- আঁচনিখনৰ অধীনত লাভালাভ প্রাপ্ত কৰাত কোনো সমস্যা হ'লে হিতাধিকাৰীসকলক সহায় কৰিবলৈ অৰুণোদয় ৩.০-ৰ অধীনত হেল্পলাইন নম্বৰ আৰু অভিযোগ নিষ্পত্তি প্রণালী প্রস্তুত কৰা হ'ব
জীৱিকা সখী এক্সপ্রেছ আঁচনিৰ স্কুটাৰ
- আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত কাম কৰা নেত্ৰীসকলক অধিক গতিশীলতাৰ সুবিধাৰ বাবে কেবিনেটে অসম ৰাজ্যিক গ্রাম্য জীৱিকা মিছনৰ ৫,২৪২ সামুহিক কেডাৰক 'জীবিকা সখী এক্সপ্ৰেছ' আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে
- এই আঁচনিৰ অধীনত, গভর্নমেন্ট ই মার্কেট প'ৰ্টেলৰ জৰিয়তে ৫,২৪২খন স্কটাৰ ক্ৰয় কৰা হ'ব আৰু পৰিচৰ্যা আৰু ইন্ধন ব্যয় হিচাপে প্রতি কেডাৰক (পূৰ্বতে প্ৰদান কৰা স্কুটাৰৰ ক্ষেত্ৰতো প্রযোজ্য) প্রতিমাহে ৫০০ টকাকৈ প্ৰদান কৰা হ'ব
- এই আঁচনিৰ উদ্দেশ্য হৈছে বেংক সখী, কৃষি সখী, বীমা সখী, পশু সখী, মাষ্টাৰ বুককীপাৰ আদিৰ দৰে অন্যান্য সামূহিক কেডাৰসকলক সামৰি লোৱা

চৰকাৰী বিষয়াসকলৰ ক্ষমতা নির্মাণ নিশ্চিতকৰণ
Page No - 4
- কেবিনেটে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে শৈক্ষিক সহযোগিতাৰ বাবে বেংগালুৰুৰ বাধৱানী চেণ্টাৰ ফৰ গভর্নমেন্ট ডিজিটেল ট্রেন্সফর্মেশ্যনৰ সৈতে ব্যয়-শূন্য এক বছৰৰ বুজাবুজি চুক্তিত অনুমোদন জনাইছে
- এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে ন ন প্রযুক্তিৰ প্ৰয়োগৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়া আৰু সেৱাৰ ডিজিটেল ৰূপান্তৰক উৎসাহিত কৰাৰ বাবে ডব্লিউ জি ডি টি আৰু অসম চৰকাৰৰ মাজত এক সহযোগিতামূলক পৰিকাঠামো স্থাপন কৰা
- এই বুজাবুজি চুক্তিৰ দ্বাৰা ন-বিকশিত প্রযুক্তিৰ ক্ষেত্ৰত মধ্যৰ পৰা জ্যেষ্ঠ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলৰ বাবে ক্ষমতা নির্মাণ, উল্লিখিত প্রযুক্তিক সামৰি লোৱা উদ্যোগ, চৰকাৰী বিভাগ, প্রকল্প আৰু পদক্ষেপৰ বাবে ডিজিটেল ৰূপান্তৰত সমর্থন আগবঢ়োৱা হ'ব
আমাৰ ঐতিহ্যমণ্ডিত স্থানৰ পৱিত্ৰতা সংৰক্ষণ
- ৰাজ্যিক কেবিনেটে ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে থকা হেৰিটেজ বেল্ট এণ্ড ব্লকসমূহক অধিসূচিত কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন, ১৮৮৬ত অধ্যায় ১২ অন্তর্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে
- ২৫০ বছৰতকৈ অধিক পুৰণি ঐতিহ্যমণ্ডিত স্থানৰ চাৰিওফালে ৫ কিল'মিটাৰ এলেকা হেৰিটেজ বেল্ট এণ্ড ব্লক হিচাপে অধিসূচিত কৰা হ'ব। অৱশ্যে অসমৰ ইতিহাসত অপৰিসীম গুৰুত্বক বিবেচনা কৰি সমগ্ৰ মাজুলী জিলাক ঐতিহ্য খণ্ড হিচাপে ঘোষণা কৰা হ'ব
- ঘোষিত হেৰিটেজ বেল্ট এণ্ড ব্লকত কেৱল যোৱা ৩ প্ৰজন্মৰ পৰা উক্ত এলেকাত বাস কৰা লোকসকলেহে ভূমি বিক্রী/ক্ৰয় কৰিবলৈ সক্ষম হ'ব
- প্ৰাৰম্ভিকভাবে বৰপেটা সত্ৰ, বটদ্ৰৱা থান আৰু মাজুলীক হেৰিটেজ বেল্ট এণ্ড ব্লক ঘোষণা কৰা হ'ব। অন্যান্য ঐতিহ্যমণ্ডিত স্থানসমূহ চৰকাৰে সময়ে সময়ে জাননী দিব পাৰিব

খিলঞ্জীয়াৰ সাংস্কৃতিক পৰিচয়ৰ সুৰক্ষা
Page No - 5
- মুখ্যতঃ অনুসূচিত শ্রেণী/ অনুসূচিত জনজাতিৰ জনবসতি স্থাপন কৰা গাঁওসমূহৰ সাংস্কৃতিক পৰিচয় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেবিনেটে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ, ১৮৮৬-ৰ সংশোধন কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ (সংশোধনী) বিধেয়ক, ২০২৪ৰ খচৰাক অসম বিধান সভাৰ সন্মুখত ৰাখিবলৈ অনুমোদন জনাইছে
- এই বিধেয়কখনত মুখ্যতঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা থকা ৰাজহ গাঁও আৰু ঐতিহ্যমূলক অনুষ্ঠানসমূহক সুৰক্ষিত এলেকা হিচাপে অধিসূচিত কৰাৰ ব্যৱস্থা অন্তর্ভুক্ত কৰা হ'ব
- মুখ্য অনুসূচিত শ্রেণী/অনুসূচিত জনজাতিৰ জনবসতি থকা এনে গাঁওসমূহক মাইক্র'-প্রটেক্টেড ব্লক হিচাপে অধিসূচিত কৰাৰ বাবে এখন কেবিনেট উপ-সমিতি গঠন কৰা হৈছে। সমিতিখনত মাননীয় মন্ত্রী ডাঃ ৰণোজ পেণ্ড, শ্রী ইউ জি ব্রহ্ম আৰু শ্রীপীযুষ হাজৰীকা সদস্য হিচাপে থাকিব
- বিধেয়কখনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব আৰু সঠিক ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ নিশ্চিত কৰিব

অসমত মটৰ বাহন কৰ যুক্তিসংগতকৰণ
Page No - 6
- মটৰ বাহনৰ বাবে এক বৈজ্ঞানিক আৰু যুক্তিসংগত কৰ ব্যৱস্থা আনিবলৈ কেবিনেটে অসম মটৰ বাহন কৰ আইন, ১৯৩৬ৰ সংশোধনৰ বাবে অসম মটৰ বাহন কৰ (সংশোধনী) বিধেয়ক, ২০২৪ অসম বিধান সভাত উত্থাপনৰ বাবে অনুমোদন জনাইছে
- বিধেয়কখনে বিদ্যমান কৰ গাঁথনিৰ মূল্য শ্রেণীসমূহ পুনর্গঠন কৰিব আৰু এককালীন কৰ গণনাৰ সংশোধন কৰিব
- বিধেয়কখনে ৰাজ্যখনত প্ৰাৰম্ভিক পঞ্জীয়নৰ সময়ত পৰিশোধ কৰিবলগা এককালীন কৰ ব্যৱস্থাৰ অধীনত ই-ৰিক্সা, ই-কাৰ্টৰ লগতে কিছু ৪ চকীয়া মালবাহী/যাত্রীবাহী বাহনকে ধৰি তিনিচকীয়া বাহনৰ শ্ৰেণীৰ সংযোজন কৰিব
চাৰিচকীয়া বাহনৰ প্ৰস্তাৱিত কৰ সূচী
MV Tax slab for Four Wheelers |
Percentage |
Up to ₹3 Lakhs |
4% |
₹3 to ₹5 lakhs |
6% |
₹5 to ₹20 lakhs |
10% |
₹20 lakhs and above |
14% |
দুচকীয়া বাহনৰ প্ৰস্তাৱিত কৰ সূচী
MV Tax slab for Two Wheelers |
Percentage |
Up to ₹70,000 |
6% |
₹70,000 to ₹3 lakhs |
8% |
Above ₹3 lakhs |
10% |
ক্ষুদ্র বাণিজ্যিক বাহনৰ প্ৰস্তাৱিত এককালীন কৰ সূচী
MV Tax slab for small Commercial Vehicles |
Percentage |
e-card/ e-rickshaw |
2% |
3-wheeler (Passenger) |
4% |
3-wheeler (goods) |
6% |

Source : Dr. Ranoj Pegu (Minister of Education)

Source Links : Click Here
Note : This post has not been modified and the text from the photo has been collected by Google translate and the website has been uploaded as the photo shows (এই পোষ্টটো কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই আৰু ফটোখনৰ পৰা লিখাখিনি Google translate য়ে সংগ্ৰহ কৰিছে আৰু ফটোখনত দেখুওৱাৰ দৰে ৱেবছাইটটো আপলোড কৰা হৈছে)